Saturday, October 04, 2025

‘নেচাৰ’ৰ সম্পাদকৰ দৃষ্টিত ৰুবুল মাউতৰ শেহতীয়া গৱেষণা

বিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰত তিনিখন অগ্ৰগণ্য পত্ৰিকা হৈছে ‘নেচাৰ’,  ‘চেল’  আৰু ‘ছায়েন্স’৷ এই তিনিখন আলোচনীৰ আদ্যাক্ষৰেৰে বিজ্ঞানীমহলত CNS (চেল-নেচাৰ-ছায়েন্স) সম্ভ্ৰমৰ নাম৷ সম্প্ৰতি হাৰ্ভাৰ্ডৰ গৱেষক-বিজ্ঞানী ৰুবুল মাউত যে বিগত বেছ কিছুবছৰ জিন গৱেষণা আৰু প্ৰটিন ডিজাইনিঙৰ ক্ষেত্ৰত ক্লান্তিহীনভাৱে নিয়োজিত হৈ আছে, সেইবিষয়ে আমাৰ প্ৰায়ভাগৰে ধাৰণা আছে৷ মাউতৰ অধীনৰ গৱেষকৰ দল এটাই কৰা শেহতীয়া গৱেষণাৰ ফলাফল প্ৰকাশ পাইছিল আগষ্ট সংখ্যা ‘চেল’ত৷ এই গৱেষণা ইমানেই চমকপ্ৰদ যে তেওঁলোকৰ গৱেষণাৰ সাৰাংশ উপযাচি প্ৰকাশ কৰিছে আন এখন প্ৰসিদ্ধ গৱেষণা-পত্ৰিকা ‘নেচাৰে’— হয়তো ‘নেচাৰ’ত এই গৱেষণাৰ উল্লেখ থাকক বুলিয়েই— আৰু তাকো লিখিছে পত্ৰিকাখনিৰ সম্পাদক তেৰেছা ভিলানুৱেভাই৷ ‘নেচাৰ’ৰ সম্পাদকৰ লেখাটোৱে ৰুবুল মাউতৰ এই চমকপ্ৰদ গৱেষণাৰ আভাস দিব বুলি আশা কৰিয়েই—নিজৰ সীমাবদ্ধতাৰ কথা জানিও— তাৰ ভাবানুবাদ তলত আগবঢ়াব খুজিছোঁ৷ কেৱল ভাবানুবাদটি পঢ়াৰ আগতে কেইটিমান কথালৈ পঢ়ুৱৈৰ দৃষ্টি আকৰ্ষণ কৰিব খোজা হৈছে৷ সেয়া হৈছে—

১.  খোপ সংকেত প্ৰণালী বা Notch Signaling Pathway হৈছে বহুকোষীয় জীৱৰ প্ৰায় সৰ্বত্ৰ বিৰাজমান এক অত্যন্ত সংৰক্ষিত কোষ-সংযোগ প্ৰণালী। এই প্ৰণালীয়ে কোষৰ ভাগ্য নিৰ্ধাৰণ, বিভেদন (differentiation), প্ৰচুৰোদ্ভৱন (proliferation) আৰু কোষৰ মৃত্যু (apoptosis) নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

২. জটিল যৌগৰ অণুৰ কেন্দ্ৰীয় ধাতৱ পৰমাণুটোৰ চৌপাশে থকা আয়ন বা অণুসমূহক কোৱা হয় লিগাণ্ড৷ 

৩. টি-চেল বা টি লিম্ফছাইট হৈছে এক ধৰণৰ লসিকাকোষ বা শ্বেতকণিকা আৰু ই ৰোগ প্ৰতিৰোধী ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংশ৷

৪. DNA origami হৈছে এনে এক কৌশল, যাৰ জৰিয়তে বিজ্ঞানীসকলে ডি এন এক অত্যন্ত সূক্ষ্মভাৱে ভাঁজ কৰি বিভিন্ন ধৰণৰ ক্ষুদ্ৰ (নেন’স্কেল) দ্বিমাত্ৰিক বা ত্ৰিমাত্ৰিক আকৃতি সৃষ্টি কৰে৷

৫. এই অনুবাদত ব্যৱহৃত পৰিভাষাসমূহৰ উৎস ক্ষীৰধৰ বৰুৱা সংকলিত আৰু সম্পাদিত ‘অসমীয়া বৈজ্ঞানিক পৰিভাষা কোষ’৷

**

এতিয়া ‘নেচাৰ’ৰ লেখাটিৰ ভাবানুবাদটি—

--------------

ৰোগ প্ৰতিৰোধী কোষকে ধৰি বিভিন্ন কোষৰ বিকাশ আৰু বিভেদনত  খোপ সংকেত প্ৰণালী (Notch) অতীব প্ৰয়োজনীয়। Notch ligand-এ T চেলৰ বিভেদন বিকশিত কৰিব পাৰে, যিটো আকৌ চিকিৎসামূলক ব্যৱহাৰৰ বাবে T চেল নিৰ্মাণৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। কিন্তু সাধাৰণতে খোপ সক্ৰিয়কৰণৰ বাবে  কোষৰ পৰা কোষলৈ পোনপটীয়া সংযোগৰ প্ৰয়োজন, লগতে গ্ৰহিতা বা ৰিচেপ্টৰ সক্ৰিয় কৰাৰ বাবে জৰুৰী হয় এক ভৌতিক কৰ্ষণ শক্তিৰ ৷ ই দ্রৱণীয় প্ৰচালকৰ (soluble agonist) আৰ্হি প্ৰস্তুতিত প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। সম্প্ৰতি Cell জাৰ্নেলত প্ৰকাশিত এক গৱেষণাপত্ৰ অনুসৰি ৰুবুল মাউত আৰু সহযোগী গৱেষকৰ দলে  এনে  এটা দ্রৱণীয় খোপ প্ৰচালক (Notch agonist) উদ্ভাৱন কৰিছে, যি ৰিচেপ্টৰ বা গ্ৰহিতা সংকেত প্ৰণালী সক্ৰিয় কৰি কোষ-কোষৰ প্ৰত্যক্ষ সংযোগ গঢ়ি তুলিবলৈ সক্ষম৷ এই প্ৰচালকে দেহ বহিৰ্ভূত (in vitro) পৰিৱেশত প্ৰজনক কোষৰ পৰা T চেল বিভেদনত ইন্ধন যোগায় আৰু এন্দুৰত প্ৰয়োগ কৰি পোৱা মতে সিহঁতৰ অন্তৰ্জাত T কোষসমূহতো উদ্দীপনাৰ সৃষ্টি কৰে৷ 

সাধাৰণতে খোপ সংকেত প্ৰণালী  তেতিয়া সক্ৰিয় হয়, যেতিয়া এটা কোষত থকা প্ৰতি-আৱৰণ লিগাণ্ডে (ট্ৰেঞ্চ মেমব্ৰেন লিগাণ্ড) আন এটা কোষৰ গ্ৰহিতাৰ সৈতে বন্ধন কৰে ৷ এইক্ষেত্ৰত গ্ৰহিতা সক্ৰিয় কৰিবলৈ যান্ত্ৰিক চাপৰ প্ৰয়োজন হয়। অতদিনে কৰি অহা অধ্যয়নে দেখুৱাই আহিছে যে দ্রৱণীয় লিগাণ্ডসমূহ খোপ সক্ৰিয় কৰাত সফল হোৱাটো নায়েই, এইক্ষেত্ৰত বহুসময়ত বাধাদানহে কৰিছে। শেহতীয়া ডি এন এ অৰিগামি প্ৰয়োগ কৰি  DLL1 বা DLL4ৰ দৰে খোপ লিগাণ্ডৰ বহুযোজন ঘটাবলৈ গৈ দেখা গৈছে  যে ligand-ৰ জ্যামিতি আৰু যোজ্যতাই এই সীমাবদ্ধতা অতিক্ৰম কৰিবলৈ সক্ষম৷ 

মাউতৰ নেতৃত্বত বিজ্ঞানীৰ দলটোৱে তেওঁলোকৰ পৰীক্ষাত Rosetta protein design tool ব্যৱহাৰ কৰি DLL4ৰ সৈতে জড়িত বহুযোজী প্ৰ’টিন মঞ্চ (মাল্টিভেলেণ্ট প্ৰ’টিন স্কেফল্ড) সৃষ্টি কৰে। পৰীক্ষা কৰা অৱয়বসমূহৰ মাজত ত্ৰিতয়ানু C3-DLL4 কমপ্লেক্সে প্ৰবল খোপ সক্ৰিয়কৰণ প্ৰদৰ্শন কৰিছিল, যিয়ে একেলগে দাঁতি কাষৰীয়া কোষত গ্ৰহিতা গুচ্ছ গঠন কৰাতো সহায় কৰে। ইয়াৰ ফলত এটা কৃত্ৰিম  synapse গঢ় লৈ উঠে— যি গঢ়ি তোলে সংকেত প্ৰবাহৰ বাবে অত্যন্ত প্ৰয়োজনীয় কোষৰ সৈতে কোষৰ প্ৰাকৃতিক সংযোগ৷ [synapseৰ প্ৰতিশব্দ স্নায়ুগ্ৰন্থি যদিও সম্প্ৰতি ইয়াৰ সংজ্ঞা কিছু সলনি হৈছে৷ ]

ইয়াৰ পাছতে গৱেষকৰ দলটোৱে দেহ বহিৰ্ভূত পৰিৱেশত মানুহৰ নাভিৰজ্জু ৰক্তৰ পৰা সৃষ্ট প্ৰজনক কোষ আৰু iPSC-প্ৰভাৱিত haematopoietic stem cellৰ পৰা টি চেল বিভেদনত  C3-DLL4ৰ দক্ষতা পৰীক্ষা কৰে৷ দেখা গ’ল যে C3-DLL4 ব্যৱহাৰ কৰি উৎপন্ন কৰা CD4+ আৰু CD8+ T চেলৰ পৰিমাণ আছিল  অণুজীৱত immobilized DLL4 ব্যৱহাৰ কৰি উৎপন্ন কৰা পৰিমাণৰ প্ৰায় সমশতাংশ, যদিওবা plate-coated DLL4-ৰ তুলনাত  আছিল কম।

বৃহৎ পৰিমাণত T চেলৰ উৎপাদনৰ ক্ষেত্ৰত প্ৰায়েই দ্বিমাত্ৰিক পৃষ্ঠত প্ৰয়োজনীয় নিশ্চল খোপ লিগাণ্ডে অসুবিধাৰ সৃষ্টি কৰে৷ এই সীমাবদ্ধতা অতিক্ৰম কৰিবলৈ মাউত আৰু তেওঁৰ গৱেষকৰ দলটোৱে ত্ৰিমাত্ৰিক জৈৱ-ৰিয়েক্টৰ  cultureত C3-DLL4-ৰ কাৰ্যক্ষমতা পৰীক্ষা কৰিছিল। দেখা গ’ল, জৈৱ ৰিয়েক্টৰ কালচাৰে দ্বিমাত্ৰিক কালচাৰতকৈ  অধিক T চেল উৎপন্ন কৰিবলৈ সক্ষম৷ 

অৱশেষত, দেহ বহিৰ্ভূত পৰীক্ষাত, ডিম্ব এলবুমিনেৰে প্ৰতিৰোধী কৰি তোলা এন্দুৰত C3-DLL4 প্ৰ’টিন ব্যৱহাৰ কৰাত  এণ্টিবডি সৃষ্টি কৰা CD4+ T চেলৰ অনুপাত স্বাভাৱিক এন্দুৰৰ তুলনাত বৃদ্ধি পোৱা দেখা গ’ল৷ 

মাউতৰ গৱেষকৰ দলটোৱে লাভ কৰা গৱেষণাৰ  ফলাফলসমূহে প্ৰমাণ কৰে যে দ্রৱণীয় খোপ প্ৰচালকে  (Notch agonist) T চেল উৎপাদনৰ বাবে এটি বহুমুখী মঞ্চ প্ৰদান কৰিব পাৰে। ইয়াৰ আধাৰত ভৱিষ্যতৰ গৱেষণাই নিৰ্দিষ্ট Notch গ্ৰহিতাৰ বাবে প্ৰচালকৰ আকাৰ-প্ৰকৃতি অধিক সূক্ষ্ম কৰা বা এই কৌশল আন সংকেত প্ৰণালীলৈ বিস্তাৰ কৰাটো সহজ কৰি তুলিব৷

***   ***

অৰ্থাৎ দেখাতেই এয়া এক যুগ সৃষ্টিকাৰী গৱেষণা৷ এইখিনিতে উল্লেখ কৰা ভাল যে ৰুবুল মাউতে বিগত ১ আগষ্টৰ ‘দৈনিক অসম’ত উল্লেখ কৰা মতে সম্প্ৰতি তেওেঁলাকে এই দ্ৰবনীয় খোপ প্ৰচালক ব্যৱহাৰ কৰি মানুহৰ বাৰ্ধক্যৰ ফলত সংকুচিত থাইমাছ তথা শৰীৰৰ অৱক্ষয়ী প্ৰতিৰোধ তন্ত্ৰক কেনেকৈ পুনৰুদ্ধাৰ কৰিব পাৰি তাৰ ব্যাপক গৱেষণা কৰি আছে। মানুহৰ বয়স বৃদ্ধি হোৱাৰ লগে লগে বা কোনো ৰোগত আক্ৰান্ত হৈ ক্ৰমাৎ হ্ৰাস হৈ অহা টি কোষৰ সংখ্যা  বৃদ্ধি আৰু সক্ৰিয় কৰি মানুহৰ ৰোগ নিৰ্মূল সম্ভৱ হ’লে সেয়া চিকিৎসা বিজ্ঞানৰ  বৃহৎ সাফল্যৰীপে পৰিগণিত হ’ব৷ আমাৰো কামনা—ৰুবুল মাউতৰ গৱেষণাই সফলতা লাভ কৰক৷

এজন মহাপ্ৰাণ অসমীয়া

কিবা এটা বিষয় পঢ়িবলৈ গৈ পাঠ্যপুথি পোৱা নাই, গৱেষণা কৰিবলৈ গৈ বিষয়টোৰ কিতাপ পোৱা নাই৷ আপুনি-মই কৰিম কি? বিষয়টো বাদ দিম, এয়াই স্বাভাৱিক৷ 

কিন্তু ‘অস্বাভাৱিক’ মানুহো আছে৷ তেনে ‘অস্বাভাৱিক’ মানুহে পঢ়িবলৈ পাঠ্যপুথি নাপালেও ঘূৰ্মুটিয়াই ফুৰে৷ আৰু গৱেষণাৰ বাবে কিতাপ নাপায় কি কৰে?—অগ্ৰজ ইতিহাসবিদ সূৰ্যকুমাৰ ভূঞাৰ পৰামৰ্শক্ৰমে সেই তৰুণ গৱেষকে বিষয়টোৰ কিতাপ লিখে৷

দেশজোৰা খ্যাতি অৰ্জন কৰা— অসম-অসমীয়াই গৌৰৱ কৰিব পৰা সেই মানুহজনৰ আজি ওপজা দিন৷


অসমীয়া সমাজৰ প্ৰচলিত বাগধাৰাত সাহিত্যিক আৰু শিল্পীৰ যি কদৰ, আন কোনো লোকৰ প্ৰতি তেনে কদৰ নাই৷ আনহে নালাগে  সন্তানক বৃত্তিগতভাৱে চিকিৎসক-অভিযন্তা কৰিব খোজা সমাজখনত অত্যন্ত নিষ্ঠাৰে সেৱা আগবঢ়াই দেশতে সুনাম অৰ্জা ডাক্তৰ-ইঞ্জিনিয়াৰৰেই বা আদৰ আছে কিমান—প্ৰয়োজনত তেওঁলোকৰ কাষ চপাৰ বাহিৰে? বিজ্ঞান-কৃষি-ভূগোল আদিৰ অটল সাধনাৰে আদৰ্শ স্থাপন কৰাসকল ক’ৰবাতেই ৰয়—যিসকলৰ আদৰ্শৰে আমাৰ উত্তৰ পুৰুষক উজ্জ্বীৱিত কৰাটো সমাজখনৰ সৰ্বাংগীন উন্নতিৰ স্বাৰ্থতে কিন্তু জৰুৰী৷

৪ অক্টোবৰত জন্মগ্ৰহণ কৰা ভূৱন মোহন দাস আমাৰ বাবে তেনে এগৰাকী আদৰ্শস্থানীয় ব্যক্তি৷

১৯৩১ চনৰ ৪ অক্টোবৰত ওপজা ভূৱন মোহনে ১৯৪৭ চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা যেতিয়া মেট্ৰিক উত্তীৰ্ণ হৈ কটন কলেজত নাম ভৰ্তি কৰিব খুজিছিল, তেতিয়া তেওঁক নতুনকৈ মুকলি কৰা নৃতত্ত্ব বিষয়টো ল’বলৈ বিভিন্নজনে পৰামৰ্শ দিছিল৷ নতুন বিষয়টোৰ কিতাপ পাবলৈ নাই, আলোচনা কৰিবলৈ অগ্ৰজ ছাত্ৰ নাই—কিন্তু উদ্যম ষোলঅনাই আছিল৷ আৰু আছিল জ্যেকষ্ঠ ভাতৃ বিৰাজ মোহন দাসৰ সাহস৷ পাছলৈ  বিষয়টোৰ মোহত ভূৱন মোহন দাস এনেদৰে আৱিষ্ট হ’ল যে ১৯৫১ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা নৃতত্ত্বৰ প্ৰথম বেটছৰ অনাৰ্চ হৈ তেখেতে উচ্চতৰ অধ্যয়নৰ বাবে পাইছিলগৈ কলকাতা বিশ্ববিদ্যালয়—য’ত লাভ কৰিছিল সেইকালৰ খ্যাতিমান নৃতত্ত্ববিদ এছ এচ সৰকাৰ, এন কে বোস, এম এন বসু, কে পি চট্টোপাধ্যায়, আৰু গুৰু কান্তিভূষণ প্ৰকাশীৰ সান্নিধ্য৷ বিশ্ববিদ্যালয়ত পঢ়ি থাকোতেই প্ৰকাশ পোৱা ভূৱন মোহন দাসৰ দুখন গৱেষণাপত্ৰই বিদ্বৎসমাজৰো দৃষ্টি আকৰ্ষণ কৰিছিল৷ প্ৰথম শ্ৰেণীৰ এম এছ চি ডিগ্ৰী লৈ ১৯৫৪ত একেসময়তে কটন কলেজত অধ্যাপনা আৰু এছ এছ সৰকাৰৰ তত্ত্বাবধানত ৰাভাসকলৰ বিষয়ে গৱেষণা কৰিবলৈ গৈ যেতিয়া ক্ষেত্ৰ অধ্যয়নৰ বাহিৰে কোনো কিতাপ পোৱা নাছিল, অনুসৰণ কৰিছিল সূৰ্যকুমাৰ ভূঞাৰ পৰামৰ্শ :  ৰাভাসকলৰ বিষয়ে তুমি কিতাপ পঢ়িব বিচাৰিলে প্ৰথমে নিজে লিখি লোৱা!

ভূৱন মোহন দাস অসম তথা উত্তৰ পূৰ্বাঞ্চলত নৃতাত্ত্বিক অধ্যয়নৰ প্ৰথমগৰাকী ঋত্বিক৷ নৃতত্ত্বক জনপ্ৰিয় কৰা, অসমীয়া ভাষাত নৃতত্ত্বৰ পাঠ্যপুথি লিখা, শিশুৰ বাবে এই বিষয়ৰ কিতাপ ৰচনা কৰা— এনে অলেখ পৰিচয়ৰ ঊৰ্ধত তেখেতৰ বিশাল পাণ্ডিত্যৰ বাবেও ভূৱন মোহন দাসে লাভ কৰিছিল বিশেষ প্ৰসিদ্ধি ৷ ইটালী, জাৰ্মানী আদি দেশৰ ভালেমান বিশ্ববিদ্যালয়ৰ তেখেত আছিল আমন্ত্ৰিত বক্তা—বিদ্যায়তনিক কাৰণতে ভ্ৰমণ কৰিছিল ইংলেণ্ড, ফ্ৰান্স, ৰাছিয়া, গ্ৰীচ, ডেনমাৰ্ক, অষ্ট্ৰিয়া, ছুইজাৰলেণ্ড, হাংগেৰী, ইজিপ্ট, বেলজিয়াম, নেডাৰলেণ্ডছ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশ৷ ক্ষেত্ৰ অধ্যয়নৰ ক্ষেত্ৰত তেখেতৰ ঐকান্তিকতা, বৈজ্ঞানিক সমলৰ প্ৰয়োগ, গভীৰ অনুসন্ধিৎসা, পূৰ্বধাৰণা ৰহিত বিচাৰ আদিৰ বাবেই উত্তৰ পূৱৰ নৃতাত্ত্বিক অধ্যয়নৰ তেখেতক পিতৃপুৰুষৰূপে অভিহিত কৰা হয়৷ পোষ্ট ডক্টৰেল অধ্যয়নৰ সময়ত তেখেতে অসমৰ জনগোষ্ঠীৰ চুলি জাৰ্মানীৰ গৱেষণাগাৰতো পৰীক্ষা কৰাইছিলগৈ— জ্ঞানৰ প্ৰতি তেখেতৰ ইমানেই আছিল ধাউতি৷

২০০৮ৰ ২২ জানুৱাৰীত মৃত্যুবৰণ কৰা এইগৰাকী মহাপ্ৰাণ অসমীয়াক ওপজা দিনত সশ্ৰদ্ধ স্মৰণ৷

-দিগন্ত ওজা

Tuesday, September 09, 2025

পলায়নকাৰী শিশু যিদৰে বিজ্ঞানী হ’ল…

 

UNICEFৰ যোৱা ৪ ছেপ্টেম্বৰৰ এক ৰোমহৰ্ষক প্ৰতিবেদনত প্ৰকাশ পাইছে, গাজা পৰিগণিত হৈছে আতংক, পলায়ন আৰু অন্ত্যেষ্টিৰ চহৰত—a city of fear, flight and funerals৷ ৰাষ্ট্ৰসংঘৰ তথ্যমতেই গাজাত পাঁচ বছৰৰ তলৰ প্ৰায় ১,৩২,০০০ শিশু চৰম অপুষ্টিজনিত কাৰণত মৃ*ত্যুপথযাত্ৰী৷ কোনো উন্মাদপ্ৰায় ৰাষ্ট্ৰনেতাৰ চৰম অমানৱীয় কাৰ্যত কিমান সম্ভাৱনা হেৰাই গৈছে, কিমান সম্ভাৱনা হেৰাই যোৱাৰ উপক্ৰম ঘটিছে! গাজাৰ এই দুঃসহ যাতনাই মনত পেলায় এগৰাকী বিজ্ঞানীলৈ—যি ছবছৰ বয়সতে হেৰাই হোৱাৰ উপক্ৰম হৈছিল৷ এক বিশেষ জাতিবিদ্বেষী আন এজন ৰাষ্ট্ৰনেতাৰ বাবে জাৰ্মানীত ওপজা সেই শিশুটিয়ে ছবছৰ বয়সতে দেশ এৰি পলাই নোযোৱা হ’লে ব্ৰহ্মাণ্ড সৃষ্টিৰ মহানাদ তত্ত্বৰ সাৰ্থক প্ৰমাণ পাবলৈ হয়তো আৰু কিছুবছৰ অপেক্ষা কৰিব লাগিলহেঁতেন৷

বিজ্ঞানীগৰাকীৰ নাম আৰ্ন’ পেনজিয়াছ৷ ১৯৩৩চনত জন্ম হৈছিল জাৰ্মানীৰ এটি ইহুদী পৰিয়ালত৷ তেওঁৰ জন্মৰ পাছৰ পৰাই হিটলাৰৰ জাৰ্মানীত ক্ৰমান্বয়ে ইহুদী বিদ্বেষে প্ৰবল ৰূপ ল’বলৈ ধৰিছিল৷ ১৯৩৯ত এই হিটলাৰৰ বাবেই আৰম্ভ হৈছিল শতিকাটোৰ দ্বিতীয়খন বিশ্বযুদ্ধৰ৷ জাৰ্মানীৰ পৰিস্থিতি তেতিয়া এনে, যে ছবছৰীয়া আৰ্ন’ৰ শিশুমনো উগুলথুগুল— অনুভৱ কৰিছিল, ইহুদীসকলক লৈ কিবা এটা হ’বলৈ ওলাইছে৷ মহাসমৰৰ সূত্ৰপাতৰ প্ৰাকক্ষণত আৰ্ন’ৰ পিতৃ-মাতৃয়ে বুজিলে, আমেৰিকাই এতিয়া একমাত্ৰ নিৰাপদ আশ্ৰয়৷

কিন্তু আমেৰিকালৈ জাৰ্মানীৰ ইহুদী পৰিয়াল এটা যোৱাটো তেতিয়া সহজ নাছিল৷ তাতে আৰ্ন’ৰ এটি কণমানি ভাইটিও আছিল৷ সেই কণমানি ভায়েকৰ দায়িত্ব আৰ্ন’ৰ হাততে সঁপি এদিন মাক-দেউতাকে দুই সন্তানক ইংলেণ্ডমুখী ৰে’লত উঠাই দিয়ে৷ ৰে’লত উঠি আৰ্ন’ই ভায়েকক কৈছিল— jetzt sind wir allein, ‘আমি এতিয়া অকলশৰীয়া’৷ আত্মকথাত আৰ্ন’ই লিখিছিল— In the late spring of 1939, shortly after my sixth birthday, my parents put their two boys on a train for England; we each had a suitcase with our initials painted on it, as well as a bag of candy. They told me to be sure and take care of my younger brother. I remember telling him, “jetzt sind wir allein” as the train pulled out. ‘এক্সিট পাৰ্মিট’ নথকাৰ বাবেই মাক লগত যোৱাটো সম্ভৱ নাছিল— মাকে প্ৰয়োজনীয় অনুমোদন লাভ কৰিছিল দুই সন্তানে ইংলেণ্ডত ভৰি থোৱাৰ এমাহৰ পাছত, মহাযুদ্ধ আৰম্ভৰ এসপ্তাহ আগেয়ে৷ দেউতাক অৱশ্যে গৈ পাইছিল দুই কণমানি ইংলেণ্ড গৈ পোৱাৰ প্ৰায় সমসাময়িকভাৱেই৷ ইংলেণ্ডত এক ৰহস্যময় ইহুদী লোকৰ সহায়েই আছিল আৰ্ন’হঁতৰ ভৰসা৷ এই ৰহস্যময় ব্যক্তিজনৰ কৃপাতেই তেওঁলোক এদিন আমেৰিকা পাইছিলগৈ...

আমেৰিকাত পেনজিয়াছ পৰিয়ালৰ সংগ্ৰামী জীৱনৰ অনেক কথাই লিখিব পাৰি৷ নিউয়ৰ্কৰ যিখন কলেজত আৰ্ন’ই পঢ়িছিল, সেইখন কোনো উচ্চ পৰ্যায়ৰ কলেজ নাছিল৷ (তেওঁৰ ভাষাত--  a municipally-supported institution then beginning its second century of moving the children of New York’s immigrant poor into the American middle class.) কিন্তু এনেদৰেই পোনতে ৰাসায়নিক কাৰিকৰী বিজ্ঞান, আৰু পাছলৈ পদাৰ্থ বিজ্ঞান পঢ়ি আৰ্ন’ পেনজিয়াছে পৰৱৰ্তীকালত ৰবাৰ্ট ডব্লিউ উইলছনৰ সৈতে লগ লাগি এনে এক তৰংগ বিকিৰণ উদ্ভাৱন কৰিলে, যি ব্ৰহ্মাণ্ড সৃষ্টিৰ মহানাদ তত্ত্বৰ বলিষ্ঠ প্ৰমাণ হৈ উঠিল৷ তেওঁলোকে আৱিষ্কাৰ কৰা এই তৰংগবিধক কোৱা হয় মহাজাগতিক অনুতৰংগ পটভূমি বিকিৰণ (ইংৰাজীত কছমিক মাইক্ৰ’ৱেভ বেকগ্ৰাউণ্ড ৰেডিয়েশ্যন)৷

ব্ৰহ্মাণ্ড সৃষ্টিৰ মহানাদ তত্ত্ব (বিগ বেং) অনুসৰি প্ৰায় এহাজাৰ তিনিশ পঁইসত্তৰ কোটি বছৰৰ আগতে এটি অত্যন্ত ঘন আৰু উত্তপ্ত অৱস্থাৰ আদিম পৰমাণুৰ বিষ্ফোৰণৰ মাজেৰে সমগ্ৰ নক্ষত্ৰ, গ্ৰহ তথা মহাজাগতিক পদাৰ্থৰ সৃষ্টি হৈছে আৰু সৃষ্টিৰ (বা বিষ্ফোৰণৰ) পাছৰেপৰা সকলো মহাজাগতিক পদাৰ্থ পৰস্পৰৰ পৰা আঁতৰি গৈ আছে৷ যিহেতু সৃষ্টিৰ পৰত মহাজগত অত্যন্ত উত্তপ্ত আছিল, সেয়েহে জৰ্জ গেম’ই এই মতবাদৰ আধাৰতে ১৯৪৮ চনত এক মহাজাগতিক অনুতৰংগ পটভূমি বিকিৰণৰ সম্ভাৱনা দাঙি ধৰিছিল৷ এই বিকিৰণ তেওঁৰ মতে মহাজগতত সমৰূপভাৱে (আইছ’ট্ৰপিক) বিস্তৃত হৈ থাকিব৷ কিন্তু এনে বিকিৰণ আৱিষ্কাৰ হৈ উঠা নাছিল৷ ১৯৬০ৰ দশকত ভাৰতৰ জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী জয়ন্ত বিষ্ণু নাৰ্লিকাৰ আৰু তেওঁৰ ব্ৰিটিছ গুৰু ফ্ৰেড হয়লে স্থিৰ বিশ্ব তত্ত্ব দাঙি মহানাদ তত্ত্বক প্ৰত্যাহ্বানো জনাইছিল৷ পিছে হয়ল-নাৰ্লিকাৰ তত্ত্বই চাঞ্চল্য সৃষ্টি কৰিলেও ই খোপনি পুতিবলৈ নাপাওঁতেই ১৯৬৫ চনত পেনজিয়াছ আৰু উইলছনে কছমিক মাইক্ৰ’ৱেভ বেকগ্ৰাউণ্ড ৰেডিয়েশ্যন আৱিষ্কাৰ কৰিবলৈ সক্ষম হ‘ল৷ -২৭০ ডিগ্ৰী চেলচিয়াছ (২.৭ কেলভিন) উষ্ণতাৰ এই ৰেডিয়েশ্যনে মহানাদ তত্ত্বৰ সত্যতা প্ৰতিষ্ঠা কৰাৰ বাবেই পেনজিয়াছ আৰু উইলছনলৈ ১৯৭৮ চনৰ নোবেল বঁটা আগবঢ়োৱা হৈছিল৷ (সেইবছৰ পদাৰ্থ বিজ্ঞানৰ আন এগৰাকী ন’বেলপ্ৰাপক আছিল পিটাৰ কাপ্যিটজা৷)

ছবছৰীয়া আৰ্ন’ই সমাগত যুদ্ধভূমিৰ পৰা পলায়ন কৰাৰ বাবেই বিজ্ঞানলৈ এনে অৱদান আগবঢ়াব পাৰিছিল৷ প্ৰতিগৰাকী শিশুৰ মাজতেই আছে অপাৰ সম্ভাৱনা৷ গাজাত আজি খাবলৈ নাপায় আঁট শুকুৱা কত শিশুৰ মাজত আছে কিমান সম্ভাৱনা! এই আতংকৰ অৱসান ঘটি তেনে শিশুসকলৰ ভৱিষ্যত সুৰক্ষিত হোৱাটোও সাম্প্ৰতিক পৰিস্থিতিত যেন ভাবিব নোৱাৰা কথা…

Monday, September 08, 2025

এখন কাব্য সংকলনৰ ৰূপালী বৰ্ষত পঞ্চম প্ৰকাশ

‘‘দিচাংমুখৰ এবাটি আপং 
পান কৰি
পাহৰিব পাৰি জীৱনৰ সৰ্বস্ব বিষাদ 
অথবা উজ্জ্বীৱিত কৰিব পাৰি সমস্ত শৰীৰ 
কেৱল তেনেকৈ ভাবি নাহিবা 
মোৰ বুকুৰ বান্ধৈ’’

কি এক আহ্বান এই স্তৱকটিৰদিচাংমুখ মানে কেৱল আপং খোৱাৰ থলী নহয়, আপং খাই শৰীৰ উজ্জ্বীৱিত কৰাৰ স্থান নহয়৷ ইয়াৰ মানুহ নদীৰ দৰে উদাৰ, দিচাংমুখৰ মানুহৰ অৰণ্যৰ দৰে কোনো আক্ষেপ নাই ঠাইখনলৈ নিমন্ত্ৰণ আছে : ‘‘সুখ-দুঃখৰ পোহাৰ মেলি/ সৃষ্টিৰ প্ৰেৰণা বুটলি/ সম্প্ৰীতিৰ সংশয় ৰোধিবলৈ / আহিবা মোৰ দেশৰ মানুহ৷’’ সকলো জনজাতিক আন্তৰিকতাৰে আঁকোৱালি লৈ বহল উদাৰ অসমীয়া সমাজৰ ভেটি গঢ়িবলৈ ১৯২০ৰ দশকতে মহীচন্দ্ৰ মিৰিয়ে কৰা আহ্বানৰেইতো এয়া আছিল প্ৰতিধ্বনিৰোধ কৰিব লাগিবসম্প্ৰীতিৰ সংশয়’! আৰু সেইবাবেই ১৯৯৮ত গংগামোহন মিলি নামৰ তৰুণ কবিজনৰদিচাংমুখৰ এবাটি আপংনামৰ কাব্য সংকলনটিয়ে প্ৰকাশৰ লগেলগেই কাব্যপ্ৰাণৰ মাজতেই নহয়, সমাজৰ বহু শুভচিন্তকৰ মনতো খলক তুলিছিল৷ সেই কবিতা সংকলনটিয়ে ২৫ বছৰ অতিক্ৰম কৰিছেশেহতীয়াকৈ প্ৰকাশ পাইছে সংকলনটিৰ পঞ্চম সংস্কৰণ৷দিচাংমুখৰ এবাটি আপংকাব্যগ্ৰন্থৰ প্ৰতি অসমীয়া কাব্যৰসিকৰ এই সঁহাৰি ধেমালি নহয়!

 অসমীয়া কাব্যক্ষেত্ৰতে দিচাংমুখ আৰু গংগামোহন যেন সমাৰ্থক৷ এই সংকলনৰ বাবেই দিচাংমুখে অনেকক বিশেষভাৱে মাতিছিল৷ মনত পৰে, এবাৰ অৰিন্দম বৰকটকী আৰু ৰফিকুল হোছেইনৰ সৈতে উজনিযাত্ৰাত দিচাংমুখত নিশা কটোৱাৰ পৰিকল্পনাও কৰিছিলো৷ কিন্তু বোকাখাতত গাড়ীত উঠিয়েইদিগন্ত, আমি গৈয়েই থাকিম নেবোলা ৰফিকদাৰ কথাৰ মৰ্মাৰ্থ বুজি যোৰহাট বাইপাছৰ পৰা ওলাওঁতেই দিনটোৱে গধূলি ভাঙি সান্ধ্যসাজো সলাইছিল৷ আৰু বৰ্ষণমুখৰ নিশা যেতিয়া অৰিন্দমৰ পত্নীৰ মৰাণৰ ঘৰ ওলাইছিলোগৈ, তেতিয়া কুকুৰাৰো টোপনিৰ ৰাগ ভাগি কলমটনি লাগিবৰ হৈছিল৷ আমি দিচাংমুখ গৈ নোপোৱা এই যাত্ৰাৰ একৰফিকুলীয় গদ্যইতিপূৰ্বেই প্ৰকাশ পাইছে৷

পঞ্চম প্ৰকাশৰ বকলা পিঠিৰ সত্যজিত নাথে কৰা শিল্পকৰ্মৰ অংশ

 সেইবাৰ দিচাংমুখৰ যাত্ৰাৰ সামৰণি পৰিছিলগৈ মৰাণ-দুলীয়াজান হৈ ডিব্ৰু-ছৈখোৱাত৷ কিন্তু দিচাংমুখৰ এবাটি আপঙে তোলা খলকৰ বাবেই পাছত সেই ভৰুণ তটিনীৰ মোহনাত আচ্ছন্ন হৈছিলোগৈ গংগামোহন মিলি, জনৰাজ য়েইনকে ধৰি অনেকৰ কবিতা আৰু ঐনিতমৰ ৰাগিত৷ গভীৰ নিশা ঘাটত এৰাল দি মোহনাত মেলি দিয়া ডিঙাত উন্মুক্ত আকাশমুখী হৈ ঐনিতম আৰু বাঁহীৰ সুৰ পান কৰাৰ কেনে এক অপূৰ্ব মাদকতাময় পৰিকল্পনা কৰিছিল জনৰাজে!

সেইদিনাও দিচাংমুখত আকাশে কান্দিছিল৷ বা পাৰি, মাদকতাময় পৰিৱেশত মাতাল বলৈ ডাৱৰবোৰ বৰষুণ হৈ নামিছিল৷

 আফচোছ, অনন্ত সৃষ্টিশীল মনৰ গৰাকী জনৰাজ আজি আৰু নাই৷

কিন্তু দিচাংমুখে বিক্ৰমসিং য়েইন, অনিল পাংগিং, অনুজ য়েইন, চেদি মেল দৰে অনেক কবি-শিল্পীক নিৰন্তৰ সাৰপানী যোগাই আহিছে৷ সেই দিচাংমুখেই গংগামোহনৰ স্ৰষ্টা৷ সেইবাবেইতো তেওঁ পাৰে, ‘‘আমি জন্মসূত্ৰে লাভ কৰিছিলোঁ /নদীক ভালপোৱাৰ বৰ্ণমালা /নিৰিবিলি আত্মীয়তাৰে স্নান কৰি /পাহৰি যাওঁ যন্ত্ৰণাৰ দিনলিপি৷’’

ফেচবুক লিংক - https://www.facebook.com/share/p/1VAQyCbv2H/